মহৎ লোকৰ বাণী।
প্ৰয়ে ব্যৱ্হাৰ হোৱা কেইটামান মহৎ লোকৰ বাণী তলত দিয়া হ'ল:
"মহৎ লোকৰ বাণী" বুলিলে এনে ব্যক্তিৰ কথা বা লেখাক বুজোৱা হয় যিসকলক নিজৰ ক্ষেত্ৰত অতি প্ৰভাৱশালী, বুদ্ধিমান বা নিপুণ। এই ব্যক্তিসকল ঐতিহাসিক ব্যক্তি, দাৰ্শনিক, বিজ্ঞানী, লেখক, ৰাজনীতিবিদ বা আন উল্লেখযোগ্য ব্যক্তি হ'ব পাৰে যাৰ... কথাবোৰে মানুহক অনুপ্ৰাণিত কৰে। মহান ব্যক্তিৰ কথাবোৰ প্ৰায়ে অধ্যয়ন, উদ্ধৃতি আৰু ব্যক্তিক নিজৰ জীৱন আৰু সাধনাত অনুপ্ৰাণিত আৰু পথ প্ৰদৰ্শিত কৰিবলৈ ব্যৱহাৰ কৰা হয়।
Mahat Lokar Bani:
অতি সাধু হোৱা বিপদজনক: বৰ্ণাডশ্বো
পঢ়নৰ পৰা দূৰৈৰ মানিক হাততে পোৱা যায়: সত্যনাথ বৰা
বন্ধুত্ব হৈছে দেহত বাস কৰা এটা আত্ম: এৰিষ্টটল
নিৰক্ষৰতা মানেই জ্ঞানবিহীনতা নহয়: ৰবীন্দ্ৰনাথ ঠাকুৰ
মৰমে মৰমৰ জন্ম দিয়ে: ছফোপলছ
জ্ঞানী লোক অসম্ভৱ ৰ ফালে ধাৱিত নহয়: মেচিজাৰ
জ্ঞান মানুহক দিব নোৱাৰি উপলব্ধি কৰিব পাৰি: চক্রেটিছ
আমাৰ চিন্তাভাৱনাৰ পৰাই চৰিত্ৰ গঠন হয়: আনন্দ চন্দ্ৰ আগৰৱালা
প্ৰত্যেক দিনাই জীৱনৰ শেষ দিন বুলি কাম কৰি যোৱা: জিম কৰবেট
মোক মৰমৰ আৰু কাম এই দুটাই দিয়া: টমাছ মৰিছ
আশা আছে বাবে পৃথিৱী ইমান ধুনীয়া: হেম বৰুৱা।
খাবৰ বাবে, পিন্ধিবৰ বাবে মানুহে সুন্দৰভাৱে যিহকে কৰে, সেয়া কৃষ্টি: ৰাভা
ভিক্ষা কৰাৰ কথা কেতিয়াও মনলৈ নানিবা: মহাত্মা গান্ধী
পাপ আমাৰ শত্ৰু, পুণ্য ইয়াৰ বন্ধু: মহাবীৰ
খং হৈছে এবিধ বিষ যি মানুহৰ মৃত্যু ও ঘটাব পাৰে: ছেইণ্ট আগষ্টন
ভীৰুৰ দৰে জীয়াই থকাতকৈ বীৰৰ দৰে মৃত্যু বৰণ কৰাই ভাল: প্লেটো
পৃথিৱীত আটাইতকৈ বেয়া কাম হল আনৰ সুনাম নষ্ট কৰা: ৰামকৃষ্ণ
গুণ কেতিয়াও ধৰ্মৰ সমান সন্মানী় নহয়: মাৰ্ক টোৱেইৰ
শান্ত সাগৰত দক্ষ নাৱিকৰ সৃষ্টি নহয়: ফুগাজি
ধৰ্ম মানুহৰ মনত থাকে আঠুত নাথাকে: ছক্ৰেটিছ
দেশে বিচাৰে স্বাধীনতা, জাতিয়ে বিচাৰে মুক্তি, জনগণে বিচাৰে বিপ্লৱ: মাও-চে-তুং
আনক আঘাত দিলে, সেই আঘাত এদিন নিজে ভোগ কৰিবা: তুলসী দাস
মানুহৰ মন পেৰাশুটৰ দৰেই, খোল খালেহে সি ক্ৰীয়াশীল হয়: থমাছ দেবাৰ
প্ৰতিভাৰ নিৰানৱবৈ ভাগেই হল অধ্যৱসায়: টমাছ আলভা এডিচন
ধন উপাৰ্জন কৰিবলৈ গৈ মই সময় নষ্ট কৰিব নোৱাৰোঁ: আগাচিছ
মুক্তি বিচৰা সকলৰ দীক্ষাৰ প্ৰয়োজন হয়: ৰবীন্দ্ৰনাথ ঠাকুৰ
বহুকেইজন চিকিৎসকৰ সহায়ত মই মৰিবলৈ ওলাইছো: আলেকজেণ্ডাৰ দা গ্ৰেট।
স্বাধীন হোৱা মানেই মুক্ত হোৱা নহয়: ৰবীন্দ্ৰনাথ ঠাকুৰ
আমাৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ঘটনাটো ঘটে তেতিয়া যেতিয়া আমি আমাৰ মনটোক জোকাৰি দিব পৰা এজন মানুহ লগ পাও: এমাৰছন
মৰিবা, কিন্তু নামাৰিবা: মহাত্মা গান্ধী
ভুল আঁতৰাই সত্য প্ৰতিষ্ঠা কৰাটোৱেই শিক্ষাৰ মূল লক্ষ্য: চক্রেটিছ
এজন বিশ্বাসী বন্ধু হৈছে জীৱনৰ মহৌষধ: টিৰুক কুৰালজগতত জীয়াই থাকিবলৈ প্ৰেম আৰু সাহসৰ অতি প্ৰয়োজন: আব্ৰাহাম লিংকন
সকলো কথাতে সাধুতা বজাই ৰাখিব লাগে: হজৰত মহম্মদ
শিশুৰ সৰলতা হেৰুৱাই নে পেলোৱা জনেই প্ৰকৃত মহৎ মানুহ: মেঞ্চিয়াছ
আদৰ্শহীন মানুহ গুৰি বঠা নোহোৱা নাৱৰ দৰে: মহাত্মা গান্ধী
ভিৰুৰ দৰে জীয়াই থকাতকৈ বীৰৰ দৰে মৃত্যু বৰণ কৰায়েই শ্ৰেষ্ঠ: মহাত্মা গান্ধী
মই ভাল পাওঁ কাৰণে সকলো বুজি পাওঁ: লিও টলষ্টয়
ধুনীয়া মহিলা হল মূল্যবান অলংকাৰ কিন্তু এগৰাকী মহান মহিলা হল সম্পদ: হাদি
প্ৰেমৰ আৰম্ভণী আৰু পৰিশেষত প্ৰেমিকে সদায়েই গভীৰ নি:সংগতাবোধক অনুভৱ কৰে: লা ব্ৰুয়েৰ ।
হাঁহি হ’ল দেহ – মনক প্ৰশান্ত কৰিব পৰা এটা মহৌষধ, আৰু তাৰ কোনো পা্বক্ৰিয়া নাই: কালাৰ্ইল
জ্ঞান দুই প্ৰকাৰৰ । একোতা বিযয় সম্পৰ্কে হয় আমি নিজে জাঁনো, অথবা সেই বিষয়ে যাৱতীয় তথ্য ক’ত পোৱা যাব পাৰে, সেই কথা আমি জানোঁ: ছেমুৱেল জনছন
যিজন মানুহে পিছফালৰ পৰা তোমাক ছুৰীৰে আঘাত নকৰি সম্নুখৰ পৰা কৰে, তেওঁকেই ভাল বন্ধু বুলি ক’ব পাৰি: লিওনাড লুই লেভিনছন
নাৰী আৰু পূৰুষে অপলক দৃষ্টিৰে পৰস্পৰলৈ চাই থকাতো প্ৰেম নহয় । দুয়োজনে একেতা দিশলৈ চাই থকাটোৱেই প্ৰেম : ফ্ৰাচোঁৱা ছাৰ্গা
একমাত্ৰ প্ৰাণীৰ প্ৰতি থকা ঘৃণাই জঘন্য পাপ নহয় । তাতোকৈ জঘন্য পাপ হ’ল কাৰোবাৰ প্ৰতি থকা অৱজ্ঞাহে: জৰ্জ বানাৰ্ড শ্ব
প্ৰৌঢ়ই সকলোকে বিশ্বাস কৰে, মাজবয়সীয়াই সকলোকে সন্দেহৰ চকুৰে চায় আৰু তৰুণে জানে সকলোখিনিয়েই: অক্সাৰ ৱাইল্ড
সাফল্যৰ উচ্চতম শৃংগত যদি আৰোহণ কৰিবলৈ ইচ্ছা কৰিছা, তেন্তে নিম্নতম পৰ্যায়ৰ পৰা সাধনা আৰম্ভ কৰা: ছাইৰাছ
আপুনি পূৰুষেই হওক বা মহিলাই হওক, এই পৃথিৱীত সাহসৰ অবিহনে একোৱেই কৰিব নোৱাৰে । সন্মানৰ পিছত সাহসেই হ’ল শ্ৰেষ্ঠ মানৱ প্ৰমূল্য: জেম্ছ এলেন
মহিলাক ভুল নুবুজিব । মহিলাই সকলোকে ক্ষমা কৰি দিয়ে । অন্যথা মানৱ জাতি কাহানিবাই নিঃশেষ হৈ গ’লহেঁতেন: ৰবাৰ্ট এ. হেইনলেন
হতাশাগ্ৰস্ত লোকক প্ৰলোভিত কৰিবলৈ কেতিয়াও আগ নাবাঢ়িবা: শ্বেক্সপীয়েৰ
মানুহৰ সাহস অনুপাতে জীৱনৰ বিস্তৃতি ঘটে বা জীৱন সংকুচিত হয় । সাহসেই সফলতাৰ চাবি – কাঠী: এনিছ নিন্
সভ্যতাৰ লক্ষ্য হ’ল ৰাজনীতিক অন্তঃসাৰ কৰি তোলা আৰু বিজ্ঞান – কলাক জীনৱৰ অবিচ্ছেদ্য অংগ কৰি তোলা: আৰ্থাৰ চিঞ্জলা
বন্ধুক সদায় এখন ছবিৰ দৰে ভাবিবা । ছবি এখন চাবলৈ যেনেদৰে উপযুক্ত পোহৰৰ দৰকাৰ , তেনেদৰে বন্ধুকো উপযুক্ত ধৰণে চাবা: জেনি জেৰম চাৰ্চিল ।
একমাত্ৰ প্ৰতিকাৰহীন চৰম নৈৰাশ্যৰ ভেটিতহে আত্মাৰ আৱাস আৱাস নিৰাপদভাৱে নিৰ্মাণ কৰিব পাৰি: বাট্ৰাণ্ড ৰাছেল ।
পৃথিৱীত যি যি মহত কাৰ্য সংঘটিত হৈছে , সকলোখিনিয়েই সম্ভৱ হৈছে প্ৰত্যাখাৰ দ্বাৰাহে: মাৰ্টিন লুঠাৰ ।
জীৱনত কোনো সুোগ – সুবিধা নাপালোঁ বুলি কোনো মহত লোকে আপত্তি কৰাৰ উদাহৰণ নাই: আৰ . ডব্লিউ . এমাৰছন ।
জীৱাই থকাৰ বাবে পৃথিৱীখন অতি ভয়াৱহ ঠাই । এয়া অসত মানুহৰ বাবে হোৱা নাই , হৈছে নিবনুৱা সকলৰ বাবেহে: আইনষ্টাইন ।
তোমাৰ অন্তৰৰ পৱিত্ৰখিনি তোমাৰ মুখাৱয়বত ফূুটি উঠে । অন্তৰ পৱিত্ৰ কৰি ৰখাই হ’ল আত্মা আৰু শৰীৰৰ বাবে প্ৰথম কৰণীয়: চেইন্ট জে’ৰম ।
তুমি যেতিয়া যন্ত্ৰণা ভোগ কৰা , তেতিয়া ঈশ্বৰক ধন্যবাদ দিবা , কাৰণ য়ন্তৰণা হ’ল জীৱাই থকাৰ নিশ্চিত লক্ষণ: এলবাৰ্ট হুবাৰ্ড ।
তোমাৰ গোপনীয়তা যদি আনে ৰক্ষা কৰাতো বিচাৰা , তেন্তে প্ৰথমে নিজে গোপনীয়তা ৰক্ষা কৰি চলাতো প্ৰয়োজন: চেনেকা ।
তুমি যদি এখন জাহাজ নিৰ্মাণ কৰিব খুজিছা , তেন্তে কাঠৰ শক্তিৰ হিচাপ লোৱাৰ আগতে লোৱাৰ আগতে সাগৰৰ বিশালতা আৰু ভয়াৱহতালৈ দৃষ্টি দিয়া উচিত: এন্টইন দ্য ছেইন্ট
সুখী হোৱাৰ প্ৰাথমিক চিন্তানো কি ? মোৰ মতে মানুহজন আচলতে যি , সেয়া হ’বলৈ ইচ্ছা কৰাই হ’ল সুখী হোৱাৰ আৱশ্যকীয় চৰ্তসমূহৰ প্ৰথমটো: ইৰাছমাছ ।
বিশ্বব্ৰক্ষ্মাণ্ড আৰু মানুহৰ মুৰ্খামি – এই দুযোতাই হ’ল অসীম । এই দুই অসীমৰ ভিতৰত প্ৰথমটো বিষয়ত মোৰ স্পষ্ট ধাৰণা নাই: এলবাৰ্ট আইনষ্টাইন।
সাহসী মানুহৰ বাবে সৌভাগ্য আৰু দুৰ্ভাগ্য তেওঁৰ সোহাঁত আৰু বাওঁহাত মাত্ৰ । নিজৰ সুবিধাৰ বাবে তেওঁ দুয়োকে সমানে ব্যৱহাৰ কৰে: চিয়েনাৰ চেন্ট কেপেৰিন
যিতো শক্তিয়ে পৃথিৱীখন শাসন কৰে , সেইটো হ’ল মানুহৰ আচৰণ । সেই আচৰণ নৈতিক আৰু অনৈতিক দুয়োটাই হ’ব পাৰে: নিকোলাছ মূৰে বাটলাৰ ।
বিবেক হ’ল এনে এক পৱিত্ৰ ঠাই – যত একমাত্ৰ ঈশ্বৰেহে বিচাৰক হিচাপে প্ৰৱেশ কৰিব পাৰে: লেমেন্নেইচ ।
অতীতৰ ঋণ পৰিশোধ কৰাৰ একমাত্ৰ উপায় হ’ল ভৱিষ্যতটোক আমাৰ ওচৰত ঋণী কৰি ৰখা: জন বুকান ।
যিহেতু যুদ্ধ আৰম্ভ হয় মানুহৰৰ মনৰ , সেয়েহে মানুহৰ মনৰ ভিতৰতে প্ৰথমে শান্তি সুৰক্ষিত কৰি তুলিব লাগিব: ইউনেস্ক ‘ ৰ সংবিধান ।
একমাত্ৰ কাম আৰু আদৰ্শতে জীৱন উতসৰ্গ নকৰিবা । মানৱিক সম্পৰ্কই হ’ল জীৱনৰ শ্ৰেষ্ঠ সম্পদ । সেয়া মই বৰ পলমকৈ গম পালোঁ: কাথাৰিণ্ড চুছন্নাছপ্ৰিচাৰ্ড
যেতিয়া সকলো মানুহেই একে ধৰণে চিন্তা কৰে , তেতিয়া বুজিব লাগে যে কোনো এজন মানুহেই গভীৰভাৱে চিন্তা নকৰে: ওৱাল্টাৰ লিপমেন ।
তুচ্ছ আৰু গুৰুত্বহীন কথাবোৰত অতিশয় ব্যস্ত হৈ থকাটোৱেই হ’ল পুখী হোৱাৰ প্ৰধান উপায়: এডৱাৰ্ড নিউটন ।
সৰ্বসাধাৰণ জনতাৰ সহ্য গুণ অসাধাৰণ । জনতাই সকলোকে ক্ষমা কৰি দিয়ে – প্ৰতিভাশালী বা মহতজনক কোনো দিনে ক্ষমা নকৰে: অস্কাৰ ৱাইল্ড
Post a Comment